স্তবক by Hiren Bhattacharyya

Deal Score0

এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল|
এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল !
কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |
এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল…
[হীৰেন ভট্টাচাৰ্য – ১৯৬৮]

We will be happy to hear your thoughts

Leave a reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Best Selling BooksGrab Now!
+ +