কবিৰ হাতৰ ছবি by Hiren Bhattacharyya

Deal Score0

১] বৰ্ষা
শাল বনেৰে বৈ আহে বতাহৰকুলুকুলু বাঁহী|
বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,
বুকু ভৰি থাকে দুখ, দুখৰ
সৰল হাঁহি|
২] শীত
পাতবোৰ পৰি আছে| উদং গাৰে ৰ’দ লৈছে গছবোৰে|
শুকান ঘাঁহত বনকৰা পাট যেন ৰ’দ| দূৰত ম’হৰ শিঙৰ দৰে
ফেৰপাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে!
৩]বসন্ত
জুনুক কৰি বাজিল জুনুকা|
‘চেনিমৰা বাগিচাৰ চিঠি’ লৈ কোবাল খোজেৰে গুছি গ’ল ডাকোৱাল|
গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল|

We will be happy to hear your thoughts

Leave a reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Best Selling BooksGrab Now!
+ +